1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:11 am

অতিমাত্ৰা গুটখা খালে হ’ব পাৰে ভয়ংকৰ ৰোগ!

  • Update Time : Friday, August 2, 2024

গুটখা বা পাণমচলা জাতীয় মুখৰোচকবোৰ সাধাৰণতে আমাৰ শৰীৰৰ বাবে কিমান অপকাৰী সেইটো ভুক্তভোগীসকলেহে ভালদৰে বুজে। গুটখাৰ বিষয়ে প্ৰায় সকলো মানুহেই কম-বেছি পৰিমাণে জানে যদিও ল’ৰাৰ পৰা বৃদ্ধলৈকে পুৰুষ-মহিলা বহুতেই গুটখা খোৱা দেখা যায়।
গুটখাই শৰীৰত কৰিব পৰা ক্ষতিবোৰ এনেধৰণৰ-গুটখা খোৱাৰ ফলত দাঁত,ওঁঠ,জিভাত ৰং ধৰে। গুটখা খোৱা মানুহৰ মুখৰ পৰা দুৰ্গন্ধ ওলায়। গুটখাত থকা হানিকাৰক ৰাসায়নিক পদাৰ্থই মুখৰ শ্লেমা আৱৰণখন পুৰি পেলায়। ফলত মুখত ঘাঁ হয়।
সুগন্ধি আৰু মুখৰোচক কৰি তুলিবৰ বাবে গুটখা বা পাণমচলাত যি ধৰণৰ ৰাসায়নিক দ্ৰব্য মিহলোৱা হয়, সেই ধৰণৰ ৰাসায়নিক দ্ৰব্যই মানুহৰ শৰীৰত অধিক মাত্ৰাত জমা হ’লে, শৰীৰত বিভিন্ন ধৰণৰ ক্ৰিয়া কৰে। ওপৰত বৰ্ণোৱাখিনি এটা উদাহৰণহে। এনেকুৱা বহু পাৰ্শ্বক্ৰিয়া আছে, যিবোৰে আমাক লাহে লাহে মৃত্যুৰ পথলৈ ঠেলি দিয়ে।
গুটখা বা পাণমচলা জাতীয় দ্ৰব্য সেৱন কৰাটো সামাজিক সমস্যাৰূপে দেখা দিছে। এনে গুটখা খাই পিক পেলালে ঠাইডোখৰ গোন্ধাই থাকে। এনে লোকৰ লগত কথা পতাটোও অতি বিৰক্তিকৰ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme