সোণৰ মূল্যই অহৰহ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। সমগ্ৰ বিশ্বতে চলি থকা অস্থিৰতাৰ মাজতে প্ৰতি তোলাত ১ লাখ টকা হৈছেগৈ সোণৰ হাৰ। এই শেহতীয়া পৰিসংখ্যা ভাৰতীয় বুলিয়ন এণ্ড জুৱেলাৰী সংস্থাই দিছে।
ইণ্ডিয়ান বুলিয়ন এণ্ড জুৱেলাৰছ এছ’চিয়েশ্যনৰ তথ্য অনুসৰি মঙলবাৰে প্ৰতি টোলাত ২৪ কেৰেট সোণৰ হাৰ ১ লাখ টকা স্পৰ্শ কৰে। ১৯৪৭ চনত স্বাধীনতাৰ সময়ত ২৪K সোণৰ হাৰ প্ৰতি ১০ গ্ৰামত ৮৯ টকা আছিল। এই হাৰ ১১২৩ গুণ বৃদ্ধি পাইছে। বিশেষজ্ঞসকলৰ মতে অর্থনৈতিক উদাৰীকৰণৰ যুগৰ পাছত সোণৰ হাৰ যি গতিত বৃদ্ধি পালে সেয়া বাঢ়ি গৈ থাকিল৷ ২০১৪ চনৰ সৈতে তুলনা কৰিলে যোৱা ১১ বছৰত সোণৰ মূল্য তিনিগুণতকৈও অধিক বৃদ্ধি পাইছে।
নিৰাপদ বিনিয়োগক লৈ সমগ্ৰ বিশ্বৰ বিনিয়োগকাৰীৰ মাজত আতংকৰ মাজতে সোণৰ মূল্য ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। সোণৰ ফ্যুচাৰ বজাৰ ১৮৯৯ টকা বৃদ্ধি পাই প্ৰতি ১০ গ্ৰামত ৯৯১৭৮ টকাৰ অভিলেখ সৃষ্টি কৰে। মাল্টি ক’ম’ডিটি এক্সচেঞ্জ (এমচিএক্স)ত সোণৰ ব্যৱসায় আটাইতকৈ বেছি আৰু দুশতাংশ বৃদ্ধি পাইছে।
আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰথমবাৰৰ বাবে প্ৰতি আউন্সত সোণৰ মূল্য ৩৫০০ ডলাৰ অতিক্ৰম কৰিলে।