কাৰেণ্ট ট্ৰেণ্ড অসম ডেস্কঃ কেনেকুৱা লাগিব বাৰু যদিহে আমি থকা চহৰখনৰ পৰা হঠাতেই আমাক আন ঠাইলৈ যাবলৈ নিৰ্দেশ দিয়া হয়৷ কেনেকুৱা লাগিব বাৰু আমাৰ চহৰখনৰ প্ৰতিখন চিনাকি হোটেল, প্ৰতিখন দোকাৰ, চিনাকি বজাৰখন সকলো ভাঙি চুৰমাৰ কৰি দিয়াৰ পৰিকল্পনা কৰা হয়৷ এনেদৰে ভাবিবলৈয়ো হয়তো মনত কুণ্ঠাবোধ হয়, নহয় জানো? কিন্তু এই বিষাদ গধুৰ অভিজ্ঞতা লাভ কৰিছে আমাৰ দেশৰে এখন চহৰত বাস কৰা নাগৰিকসকলে৷ অচিৰেই দেশৰ এখন নামজ্বলা চহৰৰ অস্তিত্ব হেৰাই যাব৷ অতি সোনকালে মধ্যপ্ৰদেশৰ এখন চহৰ ইতিহাসলৈ পৰিণত হ’ব। ৰাজ্যখনৰ ছিংৰৌলী জিলাৰ হৰসুদ গাঁৱৰ পিচত এই বাৰ মোৰৱা নামৰ চহৰখনো ধ্বংসস্তূপত পৰিণত হ’ব। ইতিমধ্যে প্রায় ২০ হেজাৰ বাসগৃহ ভাঙি পেলোৱাৰ প্রস্তুতি চলোৱা হৈছে। দৰাচলতে মোৰৱা চহৰত বিশাল কয়লাৰ ভাণ্ডাৰ উদ্ধাৰ হৈছে। ইয়াৰ বাবে নর্দার্ন ক’ল ফিল্ডছ লিমিটেডে এই বিশাল মোৰৱা অঞ্চলটোত কয়লাক্ষেত্ৰ নিৰ্মাণৰ বাবে মাষ্টাৰপ্লেন যুগুত কৰিছে। কয়লা খনন আৰু উৎপাদনৰ ফলত মোৰৱা গাঁওখনৰ বাসিন্দাক অন্য ঠাইলৈ আঁতৰাই পঠিওৱা হ’ব। ২০৩২ চনলৈ এই কয়লা খনিটোৰ পৰা উৎপাদন আৰম্ভ হ’ব। প্রায় ২,২০২ বর্গ কিলোমিটাৰজুৰি এই কয়লাৰ ভাণ্ডাৰ বিয়পি আছে। ২০ হেজাৰ ঘৰ ভাঙি দিয়াৰ ফলত তাত বসবাস কৰা লোকসকলৰ পুনৰ সংস্থাপনৰ বাবে ৩৫ হেজাৰ কোটি টকা ধাৰ্য কৰা হৈছে।