1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 4:07 am

অখিল গগৈক মুখ্যমন্ত্ৰীয়ে কিয় ক’লে, ‘এইবোৰ কথা ইয়াত নহয়, গুৱাহাটীত ক’ব?’

  • Update Time : Monday, February 17, 2025

কাৰেণ্ট ট্ৰেণ্ড পলিটিকেল ডেস্কঃ ইতিহাস ৰচনা কৰি ৰাজ্যৰ ৰাজধানী দিছপুৰৰ বাহিৰত সোমবাৰে প্ৰথমবাৰৰ বাবে কোকৰাঝাৰত অনুষ্ঠিত হ’ল ১৫ সংখ্যক অসম বিধানসভাৰ বাজেট অধিৱেশন, ২০২৫ ৷ ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হয় অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথমটো দিন। কোকৰাঝাৰৰ এইটো BTC পৰিষদীয় বিধানসভাত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই গ্ৰহণ কৰে ‘গাৰ্ড অৱ অৰ্ণাৰ৷’ দুপৰীয়া ১২ বজাত ৰাজ্যপালৰ ভাষণেৰে কোকৰাঝাৰৰ BTC পৰিষদীয় বিধানসভাৰ মজিয়াত আৰম্ভ হোৱা অসম বিধানসভাৰ বাজেট অধিৱেশনৰ ৰাজ্যপালৰ ভাষণ কালত বিধায়ক অখিল গগৈৰ বাহিৰে সকলো শাসক-বিৰোধী বিধায়কে মনোযোগেৰে, বাধা প্ৰদান নকৰাকৈ শুনে ৷ দেশ স্বাধীনৰ পাছত ৰাজ্যৰ ৰাজধানীৰ বাহিৰত এয়াই হ’ল প্ৰথমখন অসম বিধানসভাৰ বাজেট অধিৱেশন— যিখন অধিৱেশন অনুষ্ঠিত হৈছে ষষ্ঠ অনুসূচীৰ অধীনৰ অঞ্চলত। বিধায়ক অখিল গগৈয়ে ৰাজ্যপালৰ ভাষণত BTR চুক্তি ৰূপায়ণৰ কথা উল্লেখ নথকাত ক্ষোভ প্ৰকাশ কৰে। বিধায়ক অখিল গগৈৰ মন্তব্যৰ বিৰোধীতাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়, “ইতিবাচক কথা কওক আপুনি। নেতিবাচক কথা কোকৰাঝাৰত আহি নক’ব। আপোনাৰ নেতিবাচক কথাৰ বাবে ইয়াত আৰু যাতে আন্দোলনৰ পৰিৱেশৰ সৃষ্টি নহয়। আপুনি এইবোৰ কথা গুৱাহাটীতো ক’ব পাৰিব। আপোনাৰ কথায়ে এইটোকে বুজাব বিচাৰিছে যে চুক্তিয়ে একোয়েই দিয়া নাই। আপুনি গুৱাহাটীত ১০ মিনিট বেছিকৈ BTR চুক্তিৰ ওপৰত ক’ব।”

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme