1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
May 3, 2025, 10:00 am

“অসমক উচ্চ শিখৰলৈ লৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই” মুখ্যমন্ত্ৰীক প্ৰশংসা কণ্ঠশিল্পী কুমাৰ চানুৰ

  • Update Time : Friday, February 28, 2025

অসমৰ মুখ্যমন্ত্ৰীয়ে বহুত ভাল কাম কৰি আছে। অসমৰ ৰাইজৰ বাবে এয়া সৌভাগ্যৰ কথা যে তেওঁলোকে বহুত বছৰৰ মূৰত এনেকুৱা এজন মুখ্যমন্ত্ৰী পাইছে। মই ভাবো তেওঁ অসমক উচ্চ শিখৰলৈ লৈ যাব। এই মন্তব্য কৰিছে বলিউডৰ মেলডি কিং ৰূপে খ্যাত কুমাৰ ছানুয়ে। সংবাদ মাধ্যমৰ আগত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত এইদৰে মন্তব্য কৰে দেশৰ যশস্বী কণ্ঠশিল্পীগৰাকীয়ে। অসমৰ লগতে ভাৰতীয় সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা আন্তৰিক প্ৰচেষ্টাৰো শলাগ লয় কন্ঠশিল্পীগৰাকীয়ে। কুমাৰ চানুয়ে কয় যে অসমত যি চলি আছে, এয়া সঁচাকৈয়ে ভাল কথা। আমাৰ সংস্কৃতিক নিশ্চয়কৈ বিশ্ব দৰবাৰলৈ নিব লাগে। ভাৰতীয় সংস্কৃতি, মৌলিক সংস্কৃতি ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ হ’ব লাগে। ইয়াৰ বাবে যিয়ে কাম কৰে, তেওঁক আমি নিশ্চয়কৈ সহযোগ কৰিম। যশস্বী শিল্পীগৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্দৰ্ভত পুনৰ কয় যে ড০ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে অসমত উন্নয়ন ভালদৰে হৈ আছে। তেওঁ বহুত ভাল কাম কৰি আছে। তেওঁ এজন প্ৰকৃত ব্যক্তি, মোৰ পচন্দৰ ব্যক্তি।
ইপিনে, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে কুমাৰ ছানুৱে আগবঢ়োৱা এনে মন্তব্যত আনন্দ প্ৰকাশ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। দেশৰ এগৰাকী যশস্বী শিল্পী কুমাৰ ছানুৱে আগবঢ়োৱা এনে মন্তব্য সঁচাকৈয়ে গৌৰৱৰ বিষয় বুলি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে। অসমৰ লগতে ভাৰতীয় সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আন্তৰিক প্ৰচেষ্টাৰ বিষয়ে দেশৰ এগৰাকী যশস্বী শিল্পী কুমাৰ চানুৰ এই মন্তব্য সঁচাকৈয়ে গৌৰৱৰ বিষয় বুলি কয়।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme