1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 20, 2025, 3:47 pm

কিঙৰ শ্বুটিংস্থলীতে আঘাতপ্ৰাপ্ত বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খান, চিকিত্সকে সম্পূৰ্ণ এমাহ জিৰণি দিছে কিং খানক

  • Update Time : Sunday, July 20, 2025

বলিউডৰ কিং খান ৰূপে পৰিচিত শ্বাহৰুখ খান হৈছে আঘাতপ্ৰাপ্ত, তেওঁৰ আহিলগীয়া এক্সনধৰ্মী ছবি ‘কিং’ৰ শ্বুটিঙৰ সময়ত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় জনপ্ৰিয় অভিনেতাগৰাকী। ইয়াৰ পূৰ্বেও বহু ছবিত নিজে ষ্টাণ্ট পৰিৱেশন কৰি আঘাতপ্ৰাপ্ত হৈছে বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খান। শেহতীয়া প্ৰতিবেদন অনুসৰি আঘাত পোৱাৰ লগে লগে চিকিত্সকৰ পৰামৰ্শ পিছতে উন্নত চিকিত্সাৰ বাবে তেওঁক আমেৰিকালৈ লৈ যোৱা হয়। এয়া কোনো গুৰুতৰ বিষয় নহয় বৰঞ্চ পেশীৰ আঘাতহে, কিয়নো শ্বাহৰুখে যোৱা কেইবছৰমানৰ পৰা ষ্টাণ্ট কৰি থাকোঁতে শৰীৰৰ বহু পেশীত আঘাত পাই আহিছে। জানিব পৰা মতে শ্বাহৰুখৰ অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ পিছতে তেওঁ এমাহ সম্পূৰ্ণ জিৰণি ল’ব লাগিব যাৰ বাবে তেওঁক কামৰ পৰা সাময়িকভাৱে অব্যাহতি দিয়া হৈছে। জুলাইৰ পৰা আগষ্টলৈকে কিং ইন ফিল্ম চিটি, গোল্ডেন টবেকো আৰু ৱাই আৰ এফৰ কেইবাটাও অংশৰ শ্বুটিংৰ বুকিং অধিক তথ্য নোপোৱালৈকে বাতিল কৰা হৈছে। কিঙৰ শ্বুটিং ভাৰত আৰু ইউৰোপত হ’ব। শ্বুটিঙৰ সময়সূচী সম্পৰ্কে অধিক তথ্যৰ বাবে অপেক্ষা কৰা হৈছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme