হিন্দু ধৰ্মত তুলসী গছৰ বহু মান্যতা থকা দেখা পোৱা যায়, তুলসী দেৱীক মা লক্ষ্মীৰ অন্য এটা ৰূপ বুলিও গণ্য কৰা হয়। অকল এয়াই নহয় ভগৱান বিষ্ণুৰ পূজাৰ ক্ষেত্ৰত ইয়াৰ বিশেষ তাৎপৰ্য আছে।
প্ৰবাদ অনুসৰি বিষ্ণুক তুলসী অৰ্পন কৰিলে তেওঁৰ আশীৰ্বাদ ভক্তসকলৰ ওপৰত সোনকালে পৰে বুলি কোৱা হয়। শাওন মাহত তুলসী গছৰ পৰিৱৰ্তনশীল ৰূপ দেখা পোৱা যায় যি সংকেতে আপোনাৰ লগত আপোনাৰ পৰিয়াললৈ সুফল কঢ়িয়াই আনিব পাৰিব। যদি শাওন মাহত আকস্মিকভাৱে তুলসী গছত ফুলৰ সৰু সৰু কলি ওলোৱা প্ৰত্যক্ষ কৰে তেন্তে ইয়াত অতি শুভ গণ্য কৰা হয। বিশ্বাস কৰা হয় যে ই লক্ষ্মীৰ কৃপাৰ প্ৰতীক আৰু অদূৰ ভৱিষ্যতে আৰ্থিক লাভৰ দুৱাৰ মুকলি হ’ব পাৰে।
বাস্তু দোষ নিবাৰণ কৰা-
তুলসী গছৰ সৰু সৰু ছিঙি গংগাজলৰ পাত্ৰ এটাত ডুবাই পৰৱৰ্তী সময়ত সেই পানীখিনি ঘৰৰ চৌদিশে চটিয়াই দিয়ক, এনে কৰিলে ঋণাত্মক শক্তি আঁতৰি যায় আৰু ঘৰত ধনাত্মক শক্তিৰ উত্স বৃদ্ধি হয়।
আৰ্থিক লাভৰ প্ৰতিকাৰ-
কিছুমান কলি ৰ’দত শুকুৱাই সেউজীয়া কাপোৰত বান্ধি টকা ৰখা ঠাইত ৰাখিব। ইয়াৰ ফলত আৰ্থিক অৱস্থাৰ উন্নতি ঘটে আৰু ধন-সম্পত্তিৰ স্থিৰতা বৰ্তি থাকে।
মা লক্ষ্মীৰ আশীৰ্বাদৰ বাবে-
মা লক্ষ্মীৰ চৰণত তুলসী ফুলৰ সৰু সৰু কলি আগবঢ়াওক আৰু তাৰ পিছত আপোনাৰ টকা ৰখা ঠাইত বা পাৰ্চত ৰাখক। ইয়াৰ ফলত ঋণ আৰু সমৃদ্ধিৰ পৰা মুক্তি পোৱাত সহায় হয়।
দৰিদ্ৰতা নিৰ্মূল কৰিবলৈ-
তুলসীৰ পাত হালধীয়া কাপোৰত বান্ধি মূল দুৱাৰৰ ফ্ৰেমত ওলোমাই থওঁক। এই প্ৰতিকাৰে দৰিদ্ৰতা লগতে নেতিবাচকতাক ঘৰৰ পৰা আঁতৰাই ৰখাত সহায় কৰে।