1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 19, 2025, 2:51 pm
Trending:
শাওন মাহত কৰক তুলসী গছৰ লগত জড়িত এই বিশেষ বিধানটি, সৌভাগ্যৰ দুৱাৰ মুকলি হ’ব আপোনাৰ বাবে O Crescimento Do Cassino Online Tron: Uma Nova Idade No Jogos de Azar Online Page Not Found İddaa Siteleri Checking Out Cardano Gambling Enterprises: The Future of Blockchain Gaming Litecoin Gambling Establishment: A Comprehensive Guide to Crypto Gaming আপোনাৰো স্মাৰ্টফোনত লগাতকৈ বেছি এপ আছে নেকি তেন্তে হওঁক সাৱধান অন্যথা বিপদত পৰিব আপুনি ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা মহাকাশৰ পৰা পৃথিৱীলৈ সুকলমে উভটি আহিল। এই অভিযানত ইছৰোৱে কোটি কোটি টকা ব্যয় কৰিছে। এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হয় যে ইয়াৰ বাবে মহাকাশচাৰী শুভাংশু শুক্লাই কিমান পালে ধন? প্ৰতিকূল বতৰৰ মাজকো অব্যাহত অমৰনাথ যাত্ৰা, দৰ্শনাৰ্থীসকলৰ বাবে প্ৰশাসনৰ তৰফৰ জাৰি বিশেষ সতৰ্কবাণী আপুনি বাৰু জানেনে পৃথিৱীত এনে কিছুমান ঠাই আছে যিসমূহ পৰ্যটকৰ বাবে সম্পূৰ্ণ নিষিদ্ধ, জানি লওঁক সবিশেষ কংগ্ৰেছত SPY কোন? কংগ্ৰেছৰ ভিতৰৰ অতি গোপন খবৰ কিদৰে লাভ কৰে CM হিমন্তই?

আপুনি নজনাকৈয়ে গুগলে পঢ়ি আছে আপোনাৰ সকলো মেছেজ মজুত কৰি ৰাখিছে সকলো ডাটা, জানি লওঁক সবিশেষ

  • Update Time : Monday, July 14, 2025

শেহতীয়াকৈ গুগলে এণ্ড্ৰইড ফোনত Gemini AIয়ে কাম কৰাৰ ধৰণত কিছু ডাঙৰ পৰিৱৰ্তনৰ কথা ঘোষণা কৰিছে। ইমেইলযোগে ব্যৱহাৰকাৰীসকলক কোৱা হৈছিল যে Gemini AIয়ে এতিয়া তৃতীয় পক্ষৰ এপ, যেনে হোৱাটছএপৰ পৰা ডাটা লাভ কৰিব পাৰিব, যাতে আপুনি ভইচ কমাণ্ডৰ জৰিয়তে সেই এপসমূহৰ বৈশিষ্ট্যসমূহ ব্যৱহাৰ কৰিব পাৰে। প্ৰথম দৃষ্টিত এইটো এটা সুবিধাজনক বৈশিষ্ট্য যেন লাগিছিল যদিও কিন্তু আচল চিন্তাটো হ’ল যে গুগলে ইমেইলত চতুৰতাৰে লুকুৱাই ৰাখিছিল, Gemini AIৰ এক্টিভিটি বন্ধ কৰি দিলেও এই ডাটা শ্বেয়াৰিং চলি থাকিব।

গুগলে সংৰক্ষণ কৰে তথ্য –

গুগলৰ ৱেবছাইট অনুসৰি, “ Gemini AI” এক্টিভিটি অনে থাকক বা অফ আপোনাৰ সকলো তথ্য আপোনাৰ একাউণ্টত ৭২ ঘণ্টালৈকে সংৰক্ষণ কৰিব পাৰে।” ইয়াৰ অৰ্থ স্পষ্ট যে আপোনাৰ ব্যক্তিগত হোৱাটছএপৰ কথা-বতৰাও সাময়িকভাৱে “ Gemini AI”ৰ সৈতে সংৰক্ষিত হ’ব পাৰে। গুগলে উল্লেখ কৰে যে এনে কৰিলে জেমিনিয়ে আপোনাৰ বাবে উত্তৰ প্ৰস্তুত কৰি নিজে সেই মেছেজ প্ৰেৰণ কৰিব পাৰিব, ইয়াৰ ফলত ব্যৱহাৰকাৰীৰ গোপনীয়তাক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন হয়।

মেটাৰ নিয়ম-

মেটাই উল্লেখ কৰি আহিছে যে হোৱাটছএপৰ মেছেজ এণ্ড টু এণ্ড এনক্ৰিপ্ট আৰু আন কোনোৱে পঢ়িব নোৱাৰে, আনকি মেটা নিজেও পঢ়িব নোৱাৰে। কিন্তু এই নিৰাপত্তা কেৱল এপৰ ভিতৰতে সীমিত থাকে। আপোনাৰ ফোনত অহা জাননী সতৰ্কবাণী যিবোৰত বাৰ্তাৰ বিষয়বস্তু থাকে সেইবোৰ পঢ়িব পাৰি। আনকি কিছুমান এণ্ড্ৰইড ফোনত হোৱাটছএপ নোখোলাকৈয়ে ২৪ ঘণ্টা ধৰি এই নটিফিকেচনবোৰ চেভ কৰি ৰখা হয়।

গুগলে এতিয়াও স্পষ্ট কৰা নাই যে জেমিনিয়ে এই মেছেজবোৰ কেনেকৈ পঢ়িব বা সংৰক্ষণ কৰিব, কিন্তু আটাইতকৈ সহজ আৰু সম্ভাৱ্য উপায় হ’ব পাৰে জাননীসমূহত প্ৰৱেশ কৰা। জেমিনিয়ে এণ্ড্ৰইড চিষ্টেমত গভীৰভাৱে প্ৰৱেশ কৰাৰ বাবে ই কেৱল জাননীত সীমাবদ্ধ নাথাকিব আৰু ইয়াৰ ফলত ব্যৱহাৰকাৰীৰ বাৰ্তা প্ৰেৰণৰ অভিজ্ঞতাৰ সুৰক্ষাৰ প্ৰতি উদ্বেগ প্ৰকাশ পাইছে।

 

Geminiক এই তথ্য পঢ়াৰ পৰা কেনেকৈ বিৰত ৰাখিব?

চিন্তা নকৰিব এতিয়া আপুনি নিজেই নিৰ্ধাৰণ কৰিব পাৰিব Gemini য়ে কি এক্সেছ কৰিব আৰু নকৰে। তাৰ বাবে কিছুমান পদক্ষেপ আপুনি জানি লওঁক-

আপোনাৰ এণ্ড্ৰইড ফোনত Gemini AI এপটো খুলিব।
ওপৰৰ সোঁফালে থকা প্ৰফাইল আইকনত টেপ কৰক।
“Gemini Apps Activity” বিকল্পত ক্লিক কৰক।
এতিয়া স্ক্ৰীণত আপুনি এটা টগল চুইচ পাব, ইয়াক বন্ধ কৰক।

এইখিনি কাম কৰিলেই Gemini য়ে ইয়াৰ পিছত আপোনাৰ এপসমূহৰ ডাটা এক্সেছ কৰিব নোৱাৰিব, মনত ৰাখিব যদি কিবা তথ্য Gemini ৰ ওচৰত আছে তেন্তে ই ইয়াৰ চাৰ্ভাৰত ৭২ ঘণ্টা সংৰক্ষণ কৰি ৰাখিব পাৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme