1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 20, 2025, 10:09 am

হিমাচলত অব্যাহত প্ৰকৃতিৰ ধ্বংসলীলা, ভূমিস্খলনৰ লগতে বানৰ কবলত পৰি মৃত্যু ৯২ জনকৈ লোকৰ

  • Update Time : Sunday, July 13, 2025

দেশৰ ভিন্ন প্ৰান্তত বতৰে লৈছে এতিয়া কালৰূপ, বিশেষকৈ হিমাচলত সৃষ্টি হোৱা প্ৰলয়ংকাৰী বানে সকলোৰে এতিয়া নিদ্ৰা হৰিছে। বৰষুণৰ সমান্তৰালকৈ ডাৱৰ বিস্ফোৰণৰ বহু ঘটনাও সংঘটিত হৈছে।
প্ৰৱল বৰষুণৰ ফলত মাণ্ডী জিলাৰ পাণ্ডোহ মথাউৰিৰ সমীপত ভূমিস্খলন হয়, যাৰ বাবে চণ্ডীগড়-মানালী ঘাইপথ ১০ ঘণ্টা ধৰি বন্ধ হৈ পৰে। আনহাতে বৰষুণৰ ফলত বহু লোকে প্ৰাণ হেৰুৱাব লগা হয়।
হিমাচল প্ৰদেশত বিগত তিনি সপ্তাহ ধৰি ধাৰাসাৰ বৰষুণ হৈ আহিছে। বহু ঠাইত ডাৱৰ বিস্ফোৰণৰ ঘটনাও সংঘটিত হৈছে। ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰৰ তথ্য অনুসৰি ২০ জুনৰ পৰা ১১ জুলাইৰ ভিতৰত ৰাজ্যত ডাৱৰ বিস্ফোৰণ আৰু বৰষুণৰ ফলত ৯২ জন লোকে প্ৰাণ হেৰুৱাইছিল।
মৃত্যুৰ ভিতৰত ৫৬ জন লোকৰ মৃত্যু হৈছে ডাৱৰ ফাটি, ভূমিস্খলন, ক্ষন্তেকীয়া বানপানী, বিদ্যুৎস্পৃষ্ট আৰু পানীত ডুব যোৱাৰ ফলত। আনহাতে বাকী ৩৬ জনৰ মৃত্যু পথ দুৰ্ঘটনাৰ সৈতে জড়িত। ইয়াৰ প্ৰভাৱত পৰিছে কুল্লু, চাম্বা, মাণ্ডী আদি জিলা।
এই দুৰ্যোগৰ বাবেই সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে মাণ্ডি জিলা। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী চমুকৈ এছডিআৰএফৰ তথ্য অনুসৰি ইয়াত ১১ দিনত ১৫ জন লোকে প্ৰাণ হেৰুৱাইছে যদিও ২৭ জন লোক নিৰুদ্দেশ হোৱাৰ লগতে ১৬ মেগাৱাটৰ জলবিদ্যুৎ প্ৰকল্প এটাও যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে।
ৰাজ্যজুৰি ৮৪৪টা ঘৰ আৰু ৬৩১টা গৰু-মহা ঘৰৰ ক্ষতিসাধন হোৱাৰ লগতে ১৬৪খন দোকান, ৩১খন বাহন আৰু ১৪খন দলং ক্ষতিগ্ৰস্ত হৈছে। বিদ্যুৎ আৰু পানী যোগানো ক্ষতিগ্ৰস্ত হোৱাৰ ফলত ৪৬৩টা ট্ৰেন্সফৰ্মাৰ আৰু ৭৮১টা পানীৰ আঁচনি ব্যাহত হৈ পৰে।
ধাৰাসাৰ বৰষুণৰ ফলত মাণ্ডী জিলাৰ পাণ্ডোহ মথাউৰিৰ সমীপৰ কাইঁচি ম’ৰত ভূমিস্খলন সংঘটিত হয়। যাৰ বাবে চণ্ডীগড়-মানালী ৰাষ্ট্ৰীয় ঘাইপথত ১০ ঘণ্টা ধৰি যাতায়ত বন্ধ হৈ থাকে। কিন্তু জেচিবিয়ে ধ্বংসাৱশেষ আঁতৰোৱাৰ পাছত যাতায়ত পুনৰ আৰম্ভ হয়। বাৰিষাৰ সময়ত চণ্ডীগড়-মানালী ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰীসকলক সাৱধান হ’বলৈ পৰামৰ্শ দিয়া হৈছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme