1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 20, 2025, 9:03 am

যকৃত সম্বন্ধীয়া এইকেইটা কথা জানি লওঁক আৰু নিৰোগী কৰি ৰাখক নিজৰ শৰীৰক

  • Update Time : Saturday, July 12, 2025

সচৰাচৰ আমি ভাবো যে যকৃত অৰ্থাৎ লিভাৰৰ অসুবিধা কেৱল ধৰা পৰে মানুহৰ পেটৰ অসুখৰ জৰিয়তে, কিন্তু আপুনি জানেনে পেটৰ অসুখৰ উপৰিও অন্য কিছু লক্ষণ যিবোৰ আমি অৱহেলা কৰো বা গুৰুত্ব নিদিও সেই সমূহ কাৰণৰ বাবেও কেতিয়াবা লিভাৰৰ ডাঙৰ বেমাৰৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। আপুনি জানেনে যে আপোনাৰ ভৰি দুখনে প্ৰথমে যকৃতৰ স্বাস্থ্যৰ কথা ইংগিত দিব পাৰে? ভৰি ফুলা, খজুৱতি আৰু ভাগৰুৱা হোৱাৰ দৰে লক্ষণ দেখা দিবলৈ আৰম্ভ কৰে, যিবোৰ সময়মতে চিনাক্ত হ’লে এটা ডাঙৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰি।

ভৰি ফুলাঃ- যকৃতৰ কাম ভালদৰে নহ’লে শৰীৰত তৰল পদাৰ্থ জমা হ’বলৈ ধৰে, যাৰ ফলত ভৰি আৰু ভৰিৰ গোৰোহা ফুলি উঠে। এই ফুলা ক্ৰমান্বয়ে বাঢ়ি যায় আৰু ৰাতিপুৱাৰ পৰা গধূলিলৈকে থাকে।

ভৰিৰ ছালৰ খজুৱতিঃ- যকৃতৰ সমস্যা হ’লে ছালত খজুৱতিৰ সৃষ্টি হয় যাৰ ফলত ঠাইডোখৰ নীলা হৈ পৰা দেখা যায় আৰু পৰৱৰ্তী সময়ত ই বিষলৈ ৰূপান্তৰ হ’ব পাৰে।

ভৰিৰ শিৰা উখহি উঠাঃ- যকৃতৰ ৰোগে তেজ চলাচলত প্ৰভাৱ পেলায়, যাৰ ফলত ভৰিত নীলা বা বেঙুনীয়া ৰঙৰ শিৰা দেখা দিয়ে। দেখাত পাতল জালৰ দৰে আৰু বিষৰ সৃষ্টিও কৰিব পাৰে।

ভৰিৰ ভাগৰ আৰু গধুৰতাঃ- লিভাৰ বিকল হ’লে শৰীৰত বিষাক্ত পদাৰ্থ জমা হ’বলৈ আৰম্ভ কৰে, যাৰ ফলত পেশী দুৰ্বল হৈ পৰে যাৰ ফলত সঘনাই ভাগৰুৱা অনুভৱ হয়।

ভৰিৰ ছালৰ ৰং হালধীয়া হোৱা: যকৃতৰ ক্ষতি হ’লে শৰীৰত বিলিৰুবিন বাঢ়ি যায়, যাৰ ফলত ছালখন হালধীয়া বা ক’লা দেখা যায়। ভৰিৰ ছালৰ অস্বাভাৱিক ৰং ইয়াৰ প্ৰাৰম্ভিক লক্ষণ হ’ব পাৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme