বুধবাৰে পুৱা পাটনা বিমানবন্দৰৰ পৰা দিল্লীলৈ যোৱা ইণ্ডিগোৰ এখন বিমান উৰণৰ মাত্ৰ কেইমিনিটমানৰ পিছতে জৰুৰীকালীন পৰিস্থিতিত উভতি আহিবলগীয়া হয়। তথ্য অনুসৰি বিমানখনৰ উৰণৰ সময়ত এটা চৰাইয়ে বিমানখনৰ এটা ইঞ্জিনত খুন্দা মৰাৰ ফলত কাৰিকৰী বিজুতি ঘটে। নিৰাপত্তাৰ কথা মনত ৰাখি পাইলটে নিৰাপদে পাটনা বিমানবন্দৰত বিমানখন অৱতৰণ কৰে। এই বিমানখনত মুঠ ১৬৯ জন যাত্ৰী আছিল।
টি অ’ আইৰ প্ৰতিবেদন অনুসৰি পুৱা ৮:৪১ বজাত পাটনা বিমানবন্দৰৰ পৰা বিমানখন উৰা মাৰিছিল যদিও উৰণৰ কিছু সময়ৰ পিছতে এটা ইঞ্জিনত কম্পন অনুভৱ কৰা হয়, যাৰ বাবে বিমানখনে পাটনালৈ উভতি যাবলগীয়া হয়। বৰ্তমান কাৰিকৰী তদন্ত চলি আছে আৰু যাত্ৰীসকলক দিল্লীলৈ লৈ যোৱাৰ বিকল্প ব্যৱস্থা কৰা হৈছে।
পাটনা বিমানবন্দৰৰ বিবৃতিত কি ক’লে?
পাটনা বিমানবন্দৰৰ পৰা জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে, “পাটনাৰ পৰা দিল্লী অভিমুখী বিমান- IGO5009 য়ে টেক অফৰ কিছু সময়ৰ পিছতে ৮.৪২ IST বজাত এটা চৰাইৰ খুন্দা মৰাৰ খবৰ পোৱা গৈছে। ৰাণৱেত পৰিদৰ্শনৰ সময়ত এটা মৃত চৰাইৰ টুকুৰা পোৱা গৈছিল। এই তথ্য এপ্ৰ’চ কণ্ট্ৰ’ল ইউনিটৰ জৰিয়তে বিমানখনক দিয়া হৈছিল।”
বিমানবন্দৰৰ বিষয়াসকলৰ মতে, “চৰাইটোৱে আঘাত কৰাৰ পিছত বিমানখনৰ ইঞ্জিনত কম্পন সৃষ্টি হৈছিল, যাৰ বাবে পাইলটে বিমানখন পুনৰ পাটনালৈ ঘূৰাই অনাৰ সিদ্ধান্ত লয়। স্থানীয়ভাৱে জৰুৰীকালীন সতৰ্কবাণী ঘোষণা কৰা হয় আৰু বিমানখন পুৱা ০৯:০৩ বজাত ৭ নং ৰাণৱেত নিৰাপদে অৱতৰণ কৰে।”
ইন্দোৰৰ পৰা ৰায়পুৰলৈ যোৱা ইণ্ডিগো বিমানে জৰুৰীকালীন অৱতৰণ কৰে
ইয়াৰ পূৰ্বে ইন্দোৰৰ পৰা ৰায়পুৰ অভিমুখী ইণ্ডিগোৰ এখন বিমানে মঙলবাৰে (৮ জুলাই, ২০২৫) পুৱা কাৰিকৰী বিজুতিৰ বাবে জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হৈছিল, বিমানখনৰ প্ৰায় ৩০ মিনিট পিছত। ৬ ই ৭২৯৫ নম্বৰৰ বিমানে প্ৰতিদিনে পুৱা ৬:৩৫ বজাত ইন্দোৰৰ পৰা যাত্ৰা কৰে। মঙলবাৰে বিমানখনে সময়মতে উৰা মাৰিছিল যদিও কিছু সময়ৰ পিছতে কাৰিকৰী সমস্যাৰ উদ্ভৱ হোৱাৰ পিছত পাইলটে সতৰ্কতামূলক ব্যৱস্থা হিচাপে বিমানখন ইন্দোৰ বিমানবন্দৰলৈ ঘূৰাই অনাৰ সিদ্ধান্ত লয়।