1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 20, 2025, 10:23 am

AI জগতত আলোড়নৰ সৃষ্টি কৰিলে ত্ৰিপিটে, দৰমহাৰ বিষয়ে জানি আপুনি হ’ব হতবাক…

  • Update Time : Wednesday, July 9, 2025

CTA ডিজিটেল ডেস্ক, ৯ জুলাইঃ ভাৰতীয় মূলৰ গৱেষক ত্ৰিপিত বাঞ্চালে OpenAI ত্যাগ কৰি মেটাৰ নতুন ছুপাৰ ইনটেলিজেন্স ইউনিটত যোগদান কৰাৰ কথা ঘোষণা কৰিছে। মঙলবাৰে এক্সত এটা পোষ্টত এই কথা নিশ্চিত কৰে ত্ৰিপিতে , য’ত তেওঁ ত্ৰিপিতে লিখিছে, ‘মেটাত যোগদান কৰিবলৈ উৎসাহিত! এতিয়া ছুপাৰ ইনটেলিজেন্স সম্ভৱ যেন লাগে।’ ওপেনএআইৰ চিইঅ’ ছেম অল্টমেনৰ মন্তব্যৰ উদ্ধৃতি দি প্ৰকাশ কৰা বাতৰি অনুসৰি ট্ৰিপিট বাঞ্চাল শীৰ্ষ নিযুক্তিপ্ৰাপ্তসকলৰ ভিতৰত অন্যতম যিসকলক মেটাৰ দ্বাৰা ১০ কোটি ডলাৰ অৰ্থাৎ ভাৰতীয় হিচাপত প্ৰায় ৮৫৪.৩ কোটি টকা দৰমহা হিচাপে নিৰ্ধাৰণ কৰা হৈছে৷

ত্ৰিপিট বাঞ্চাল কোন?

IIT কানপুৰৰ স্নাতক ত্ৰিপিত বাঞ্চালে ২০২২ চনত Open AI-ত যোগদান কৰিছিল আৰু ইয়াৰ শক্তিবৰ্ধক শিক্ষণ প্ৰচেষ্টা আৰু প্ৰাৰম্ভিক AI যুক্তিৰ আৰ্হিত উল্লেখযোগ্য অৱদান আগবঢ়ায় ত্ৰিপিটে। TechCrunch তেওঁক ‘অধিক প্ৰভাৱশালী অ’পেনএআই গৱেষকসকলৰ ভিতৰত এজন’ বুলি অভিহিত কৰিছে। উল্লেখ্য যে TechCrunch হৈছে এটা আমেৰিকান অনলাইন প্ৰকাশন যিয়ে মূলতঃ প্ৰযুক্তি, ষ্টাৰ্টআপ, আৰু উদ্ভাৱনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ত্ৰিপিত বাঞ্চালে গণিত, পৰিসংখ্যা, কম্পিউটাৰ বিজ্ঞানৰ লগতে কৃত্ৰিম বুদ্ধিমত্তাৰো গৱেষক৷ ত্ৰিপিত গৱেষণাৰ ক্ষেত্ৰসমূহৰ ভিতৰত আছে প্ৰাকৃতিক ভাষা প্ৰক্ৰিয়াকৰণ (এন এল পি), গভীৰ শিক্ষণ, আৰু মেটা-শিক্ষণ।

‘X’ হেণ্ডেলত ত্ৰিপিট বাঞ্চালৰ পোষ্ট

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme