1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 20, 2025, 12:48 pm

কোনবাৰে ছালৰ বাবে মাৰত্মক প্ৰমাণিত হ’ব পাৰে হালধী, জানি লওঁক সবিশেষ

  • Update Time : Tuesday, July 8, 2025

ভাৰতীয় সংস্কৃতিত হালধী কেৱল মছলা হিচাপেই নহয়, আয়ুৰ্বেদিক ঔষধ হিচাপেও ব্যৱহাৰ কৰা হয় । বিশেষকৈ মুখত হালধী লগোৱাটো গ্লো আৰু পিম্পলছৰ পৰা মুক্তিৰ বাবে ঘৰুৱা উপায় বুলি গণ্য কৰা হয় । কিছুমান মানুহৰ বাবে মুখত হালধী লগালে উপকাৰৰ পৰিৱৰ্তে ক্ষতি হ’ব পাৰে ৷

বিশেষজ্ঞসকলৰ মতে, হালধী থকা সক্ৰিয় যৌগটোৱে প্ৰদাহ আৰু বেক্টেৰিয়াৰ বিৰুদ্ধে যুঁজিলেও ই কিছুমান বিশেষ ধৰণৰ ছালৰ এলাৰ্জী বা প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে । গতিকে ইণ্টাৰনেটত দেখা DIY ফেচ পেকত মুখত হালধী লগোৱাৰ আগতে কোন কোন লোকে হালধী লগোৱাৰ পৰা বিৰত থাকিব লাগে সেইটো জানি লোৱা উচিত ৷

সংবেদনশীল ছাল

যিসকল লোকৰ ছাল অতি সোনকালে ৰঙা হয়, জ্বলা-পোৰা অনুভৱ কৰে বা অতি পাতল আৰু প্ৰতিক্ৰিয়াশীল হয় তেওঁলোকে হালধী পৰিহাৰ কৰিব লাগে । হালধী এন্টিচেপ্টিক গুণ শক্তিশালী যিয়ে সংবেদনশীল ছালত জ্বলা বা খজুৱতি কৰিব পাৰে ।

শুকান ছাল থকা মানুহ

যদি আপোনাৰ ছালখন অতি শুকান হয় তেন্তে হালধী মুখৰ পৰা আৰ্দ্ৰতা টানি শুকানতা আৰু বৃদ্ধি কৰিব পাৰে ৷ ইয়াৰ ফলত ছালখন টানিব পৰা আৰু ছিন্নভিন্ন হোৱাৰ দৰে সমস্যা হব পাৰে ৷

ছালৰ এলাৰ্জী

যিসকলৰ ছালৰ কোনো ধৰণৰ এলাৰ্জী আছে বা আগতে হালধী লগোৱাৰ প্ৰতিক্ৰিয়া হৈছে তেওঁলোকে পুনৰ মুখত হালধী ব্যৱহাৰ নকৰিব ৷ হালধী ফলত ছালৰ ফোহা, ফুলা বা ৰঙা পৰা হ’ব পাৰে ৷

একজিমা , চ’ৰিয়াচিছ

যদি আপোনাৰ কোনো ধৰণৰ দীৰ্ঘদিনীয়া ছালৰ ৰোগ আছে, যেনে একজিমা বা চ’ৰিয়াচিছ , তেন্তে হালধী আপোনাৰ অৱস্থা আৰু বেয়া কৰি তুলিব পাৰে। এনে ছালত হালধী লগালে খজুৱতি আৰু বিৰক্তি বৃদ্ধি পাব পাৰে।

হালধী প্ৰাকৃতিক আৰু ঘৰুৱা ঔষধ হ’ব পাৰে, কিন্তু সকলো সকলোৰে বাবে নহয়। ছালৰ প্ৰকৃতি বুজি পোৱাটো অতি প্ৰয়োজনীয়। পৰীক্ষা নকৰাকৈ মুখত হালধী লগালে উপকাৰতকৈ অধিক ক্ষতি হ’ব পাৰে। গতিকে যদি আপোনাৰ ওপৰত উল্লেখ কৰা ছালৰ সমস্যা আছে, তেন্তে হালধী প্ৰয়োগ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসক বা ছালৰ বিশেষজ্ঞৰ পৰামৰ্শ লওক ৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme