সচৰাচৰ দৈনন্দিন জীৱনত একাংশ লোকে মূৰৰ বিষৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় যাৰ পৰা ৰক্ষা পাবলৈ বিভিন্ন ধৰণৰ ঔষধ ব্যৱহাৰ কৰে। কিন্তু সাধাৰণ বুলি ভাবি থকা এই মূৰৰ বিষে কেতিয়াবা মাৰাত্মক ৰূপ ধাৰণ কৰিব পাৰে, আপুনি নজনাকৈয়ে মগজুৰ দুৰাৰোগ্য ৰোগৰ সন্মুখীন হ’ব পাৰে। মগজুৰ দুৰাৰোগ্য (ব্ৰেইন টিউমাৰ) ৰোগৰ লক্ষণসমূহ প্ৰায়ে ক্ৰমান্বয়ে দেখা দিয়ে আৰু সাধাৰণ ৰোগৰ দৰেই। সেয়ে সময়মতে চিনাকি দিয়াটো অতি প্ৰয়োজনীয়। সেয়েহে আমি আপোনালোকক জনাইছো মগজুৰ কৰ্কট ৰোগৰ ৬টা সম্ভাৱ্য লক্ষণ, যিবোৰ বিশেষকৈ মূৰৰ লগত জড়িত।
সঘনাই আৰু তীব্ৰ মূৰৰ বিষ:
যদি প্ৰতিদিনে মূৰৰ বিষ হৈ আছে আৰু বিষনাশক ঔষধে সকাহ নিদিয়ে, তেন্তে এয়া সতৰ্কবাণী হ’ব পাৰে। বিশেষকৈ যদি ৰাতিপুৱা বিষ বেছি হয় বা টোপনিৰ পৰা সাৰ পোৱাৰ লগে লগে অনুভৱ হয়।
বমিৰ ভাৱ হোৱাঃ
মগজুত টিউমাৰ থাকিলে চাপ বাঢ়ি যায়, যাৰ ফলত সঘনাই বমি হ’ব পাৰে, একো নোখোৱাকৈয়ে বমি হোৱা এই বেমাৰৰ এটা লক্ষণ হ’ব পাৰে।
দৃষ্টিশক্তি ম্লান হোৱা:
চকুৰ দৃষ্টিশক্তি মগজুৰ টিউমাৰৰ এটা সাধাৰণ লক্ষণ। যদি আপুনি এটা চকুৰ দৃষ্টিশক্তি হেৰুৱাই পেলোৱা, দৃষ্টিশক্তি ম্লান হয় তেন্তে এই লক্ষণসমূহ আওকাণ নকৰিব।
কথা কোৱাত অসুবিধা: যদি আপুনি কথা ক’বলৈ অসুবিধা পাইছে, শব্দ সঠিকভাৱে উচ্চাৰণ কৰিব নোৱাৰে বা মনত ৰাখিব নোৱাৰে, তেন্তে ই মগজুৰ ভাষা অংশত সমস্যাৰ চিন হ’ব পাৰে।
শৰীৰৰ যিকোনো অংশত দুৰ্বলতাঃ মগজুৰ দুৰাৰোগ্য ৰোগত (ব্ৰেইন টিউমাৰ) শৰীৰৰ এটা ফালৰ পেশীত প্ৰভাৱ পেলাব পাৰে। হাত-ভৰি হঠাতে দুৰ্বলতা বা টিংটিং শব্দ হোৱাটো এটা সতৰ্কবাণী হ’ব পাৰে।
ভাৰসাম্যৰ সমস্যা: যদি আপুনি খোজ কঢ়াত অসুবিধা পাইছে, ভাৰসাম্য হেৰুৱাইছে বা বাৰে বাৰে পৰি আছে, তেন্তে ই গতিবিধিৰ সৈতে জড়িত মগজুৰ অংশৰ ওপৰত প্ৰভাৱৰ লক্ষণ হ’ব পাৰে।