আৰম্ভ হ’ল শাওন মাহৰ, শাওন মাহৰ আৰম্ভণিৰ লগে লগে ভক্তই শিৱৰ প্ৰতি থকা তেওঁলোকৰ ভক্তিক পূজা-অৰ্চনাৰ জৰিয়তে প্ৰকাশ কৰে। যিদৰে ফাগুন মাহত শিৱৰাত্ৰি পালন কৰা হয় ছিক তেনেদৰে শাওনৰ মাহতো শিৱৰাত্ৰি পালন কৰা হয়। প্ৰতিমাহে কৃষ্ণ পক্ষৰ চতুৰ্দশী তিথিত মাহেকীয়া শিৱৰাত্ৰি পালন কৰা হয় যদিও ভগৱান শিৱৰ প্ৰিয় মাহ শাওনৰ শিৱৰাত্ৰি অতি গুৰুত্বপূৰ্ণ। উক্ত দিনটোত ভক্তপ্ৰাণ ৰাইজে মহাদেৱৰ নামত উপবাসে থাকে লগতে শিৱ মন্দিৰত মহাপ্ৰভু শিৱৰ নামত বিশেষ পূজা আগবঢ়াই।
গংগাজলৰ সৈতে কৰক অভিষেক-
শিৱৰাত্ৰিৰ দিনটোত শিৱলিংগক কৰক গংগাজলৰ সৈতে অভিষেক, কোৱা হয় যে এনেদৰে মহাপ্ৰভুক আৰাধনা কৰিলে তেওঁ তত্ক্ষণাত সন্তুষ্ট হয়। ইয়াৰ উপৰিও শাওনৰ শিৱৰাত্ৰিৰ দিনা ৰুদ্ৰভিষেক কৰাটো অতি শুভ, ইয়াৰ দ্বাৰা সকলো দুখ-কষ্ট মৰিশন হয়।
কেতিয়া পালন কৰা হ’ব শাওনৰ শিৱৰাত্ৰি ?
পঞ্চাঙৰ তথ্য অনুসৰি ২৩ জুলাইৰ পুৱা ৪.৩৯ বজাৰ পৰা আৰম্ভ হ’ব শাওনৰ কৃষ্ণ চতুৰ্দশী আৰু ২৪ জুলাইৰ পুৱা ২.২৮ বজাত সমাপ্ত হ’ব। ২৩ জুলাই বুধবাৰে পালন কৰা হ’ব শাওনৰ শিৱৰাত্ৰী। প্ৰদোষ কালৰ সময়ত সন্ধিয়া শিৱৰাত্ৰিৰ পূজা কৰক ইয়াৰ শুভ সময় হৈছে সন্ধিয়া ৭ বাজি ২০ মিনিটৰ পৰা নিশা ৯ বাজি ৫৭ মিনিটলৈ। উপবাসে থকাসকলে ২৪ জুলাইৰ পুৱা ৫ বাজি ৪৭ মিনিটত ভংগ কৰিব পাৰিব।
ব্ৰত পালনক নীতি-নিয়ম-
এই দিনটোত ব্ৰত পালন কৰা লোকসকলে দিনত মাত্ৰ এবাৰহে খাদ্য গ্ৰহন কৰিব পাৰিব। তাৰ পিছত শিৱৰাত্ৰিৰ দিনা স্নান কৰি উপবাস থাকক। ব্ৰতৰ সময়ত ভগৱান শিৱ আৰু তেওঁৰ অনুগামীসকলক স্মৰণ কৰক। তাৰ পিছত সন্ধিয়া স্নান কৰি ৰীতি-নীতিৰে ভগৱান শিৱক পূজা কৰক। উপবাসৰ সুফল লাভ কৰিবলৈ হ’লে ভক্তসকলে চতুৰ্দশী তিথিৰ সূৰ্য্য উদয় আৰু সূৰ্যাস্তৰ মাজত ব্ৰত শেষ কৰিব লাগে।