লাহৰীঘাটৰ পৰা বিগত ১০ দিনৰ পৰা সন্ধানহীন হৈ আছে এজন যুৱক, যুৱকজনৰ নিৰুদ্দেশৰ ঘটনাই সৃষ্টি কৰিছে এতিয়া চাঞ্চল্যৰ। লাহৰীঘাটৰ টেঙাগুৰি গাঁৱৰ ছাদিকুল হক নামৰ যুৱক জন কৰ্মসূত্ৰে ডিমাপুৰত থাকে। যোৱা ৬ তাৰিখে ভোট দান কৰাৰ উদ্দেশ্যে নিজ গৃহ টেঙাগুৰি লৈ গৈছিল যুৱকজন। ৯ মে’ তাৰিখে যুৱক জন ডিমাপুৰ যোৱাৰ উদ্দেশ্যে ঘৰৰ পৰা ওলাই গৈছিল। সেইদিনাৰ পৰা যুৱক জনৰ লগত পৰিয়ালৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে। বহু বিচাৰ খোচাৰ কৰিও যুৱকজনৰ সন্ধান নাপায় পিছদিনা পৰিয়ালৰ লোক লাহৰীঘাট আৰক্ষী থানাত যুৱকজন নিৰুদ্দেশ হোৱা বুলি জাননী দিয়ে। ইয়াৰ ডিমাপুৰৰ এখন থানাতো নিৰুদ্দেশৰ জাননী দিয়ে। লাহৰীঘাটৰ সংবাদদাতা কাইফিউজ জামান শ্বাহৰ তথ্য অনুসৰি ১০ দিন উকলি যোৱাৰ পিছতো যুৱকজনৰ কোনো সন্ধান ওলাব পৰা নাই আৰক্ষী প্ৰশাসনে। পৰিয়ালৰ লোকৰ সন্দেহ কোনোবাই ডিমাপুৰ যোৱাৰ পথতে অপহৰণ কৰিছে ছাদিকুলক। যুৱকজনৰ সন্ধান কৰিবলৈ পৰিয়ালৰ লোকে আৰক্ষী প্ৰশাসনৰ লগতে মুখ্যমন্ত্ৰীক কান্দি কান্দি অনুৰোধ জনায়। কাৰণ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী হোৱা বাবে যুৱক জন সন্ধানহীন বোৱাত পৰিয়ালৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। কোনো সদাশয় ব্যক্তিয়ে যদি যুৱকজনৰ সন্ধান পাই ৯৩৬৫৮১৫১০৮ আৰু ৮৭৩২৮৭২০৬২ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।